Upohar Lyrics by Bishrut Saikia is a newly released Assamese song music also given by Bishrut Saikia. The latest song Upohar lyrics are written by Bishrut Saikia.
Upohar Song Details:
| Song: | Upohar |
| Singer(s): | Bishrut Saikia |
| Musician(s): | Bishrut Saikia |
| Written by: | Bishrut Saikia |
| Label(©): | Bishrut Saikia |
Upohar Lyrics
বুকুৰে মাজতে তুমি মন মোৰ
দিঠকত তুমি বহু দূৰ।
নিজৰাৰ দৰে তুমি আছা বৈ
সিৰে সিৰে মোৰ ৰক্ত হৈ,
একা বেঁকা জীৱন পথত
সান্তনা তুমি মনৰ।
ৰ’দালি আহে ডাৱৰ ফালি,
বৰষাৰ শেষত সেয়া তুমি নেকি?
তুমি মোৰ সেই কাহিনী,
আনে ফুৰে যি বিচাৰি।
দুচকু মেলি দুই ওঁঠৰে হাঁহিটি
চাওঁ থমকি সকলো পাহৰি।
স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ
মানুহে ইয়াকেই প্ৰেম বোলে নেকি?
কাষতে তোমাৰ ৰ’ম ছাঁয়া হৈ
পৰিব নিদিওঁ ভাঙি।
সময়ৰ পাতত ল’বা লিখি,
মোৰ এই মৰম তোমাৰ বুলি
তুমি যেন উপহাৰ এটি।
সুবাসে তোমাৰ সাৱটি যায়
অনুৰাগৰ দুবাহু জো্ৰাই।
খোজতে তোমাৰ চুলি নাচি যায়
নাচোনে আহি ৰিঙিয়াই।
কাষে কাষে খোজ মিলাই
হৃদয় নাচি, নাচি নাচি যায়।
আজি যতে থাকোঁ জীয়াই
মৰো তোমাতে সদায়।
শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই
পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায়,
“পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক
কিমান ভাল পোৱা” ।।
দুচকুতে দুচকু থলে
লাজে চকু ঢাকি যায় ।
কেতিয়াবা তোমাক কন্দুৱাও যদি
ক্ষমা কৰি দিবা তুমি
তুমি যেন উপহাৰ এটি।।

