Tenekoi Lyrics by Bishrut Saikia ft. Richa Gogoi is a newly released Assamese song music also given by Bishrut Saikia. The latest song Tenekoi lyrics are written by Bishrut Saikia.
Tenekoi Song Details:
| Song: | Tenekoi |
| Singer(s): | Bishrut Saikia ft. Richa Gogoi |
| Musician(s): | Bishrut Saikia |
| Written by: | Bishrut Saikia |
| Label(©): | Bishrut Saikia |
Tenekoi Lyrics
চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ ?
হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ ?
চকুলো মচি দিয়া যেনেকৈ,
হৃদয় সাঁচি ৰাখা যেনেকৈ,
তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ ।
স্বাভিমান ৰাখিও সহি থাকা কেনেকৈ?
পৰিমাণ মৰমৰ বুজি পোৱা কেনেকৈ?
সন্মান ধৰি ৰাখা যেনেকৈ,
অম্লান মৰম বোৰ যেনেকৈ,
তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ।
যদি সোধো আৰু কিমান,
মৰম আছে মোৰ বাবে?
প্ৰশ্ন মোৰো যদি একে ,
কিনো ক’বা?
হেঁপাহত মাতিলে নুশুনি থাকোঁ কেনেকৈ?
মৰমত বুজালে অভিমান কৰোঁ কেনেকৈ?
সকলো কথা শুনা যেনেকৈ,
অভিমান এৰি বুজা যেনেকৈ,
তেনেকৈ তেনেকৈ তেনেকৈ তেনেকৈ।
কেনেকৈ ? তেনেকৈ । কেনেকৈ? তেনেকৈ।

