Morubhumi Lyrics – Bishrut Saikia

Morubhumi Lyrics by Bishrut Saikia is a newly released Assamese song music also given by Bishrut Saikia. The latest song Morubhumi lyrics are written by Bishrut Saikia.

Morubhumi Lyrics

Morubhumi Song Details:

Song: Morubhumi
Singer(s): Bishrut Saikia
Musician(s): Bishrut Saikia
Written by: Bishrut Saikia
Label(©): Bishrut Saikia

Morubhumi Lyrics

নিজৰ কৰাৰ সপোনে
প্ৰেমৰ দিঠক নুবুজায়।
হৃদয় ভঙা মৰমে ,
ঘৃণা কৰা নুবুজায়।
অনুভৱ অঘৰী হোৱা,
আমাৰ ভাৱনাত,
বনজুইৰ দৰে জ্বলা মিছা ধাৰণা।
তোষণৰ চুনামিৰ এটুপি নাই আজি,
তোষণৰ হিমাদ্ৰীৰ হিমপ্ৰপাত হ’ল আজি।
মৰুভূমি হ’ব খোজোঁ
ধুমুহা মোৰ বহু
মৰুদ্যান হৃদয় মোৰ
আনৰ বৰষা নালাগে মোক
বিৰামহীনতাৰে আগুৱাম
সোঁৱৰণি তোৰ মচি যাম।

প্ৰেম নিষিদ্ধ আমাৰ
জীৱনৰ ব্যৱহাৰিকতাত,
প্ৰত্যাশাৰে ভৰা পৃথক মানসিকতাত,
আজীৱন অপেক্ষাৰ হেতু নথকাত,
তই আনৰ হোৱাৰ
অনুতাপ দূৰ সীমনাত।
বিভৱ পালেও আজি নিজকে হেৰুৱালোঁহি,
স্বৰ্ণৰ গৰাকীয়ে স্বৰ্ণ মোৰ নিয়ে কাঢ়ি।
মৰুভূমি হ’ব খোজোঁ
ধুমুহা মোৰ বহু
মৰুদ্যান হৃদয় মোৰ
আনৰ বৰষা নালাগে মোক
বিৰামহীনতাৰে আগুৱাম
সোঁৱৰণি তোৰ মচি যাম।

অনুগামী হৈ যদি আহোঁ উভতি,
খেদি খেদি মৰমৰ প্ৰতিধ্বনি,
জানিবি নহ’লো মৰুভূমি,
জানিবি নহ’লো মৰুভূমি।

Morubhumi Song Video

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!