Jyotir Thikona Lyrics, sung & composed by Riyan Saikia & Mrityunjoy Kakati. Lyrics in Assamese written by Mrityunjoy Kakati.
Song Details
Singer : Riyan Saikia & Mrityunjoy Kakati
Lyrics:- Mrityunjoy Kakati
Music & Mix,Master :- Riyan Saikia
Composition :- Riyan Saikia & Mrityunjoy Kakati
Jyotir Thikona Lyrics In Assamese
এৰি এমুঠি ঘোৰ তমসা
বিচাৰোঁ জ্যোতিৰ ঠিকনা
এৰি বিষাদ ভৰা ৰচনা
বিচাৰোঁ নতুন প্ৰেৰণা
আকৌ আহিব সেই লগন
ৰঙৰ সমাহাৰে
আকৌ হ’ব মোৰ মন মগন
আকৌ ফুলিব সেই বকুল
পদূলি মুখৰে
আকৌ জাগিব মোৰ সপোন
আপোন পাহৰা মনভৰা
অঘোণৰে ধাননি ডৰা
সোণোৱালী আশাৰ বতৰা
শৰতৰে নিয়ৰসনা
প্ৰতিপুৱাৰ মাদকতা
স্মৃতিৰে মেলোঁ ডেউকা
এই উদাস পৃথিৱী হ’ব আকৌ শুৱনি
পক্ষীজাকৰ কলটানে জুৰাব প্ৰকৃতি
এন্ধাৰ ৰাতি আহিব জোনাক
চোতালতে বিয়পিব আশাৰে প্ৰকাশ
ফেঁহুজালি অহাৰে প্ৰয়াস
বতাহতো নিগৰিব ল’ৰালিৰে সুবাস
আকৌ আহিব সেই লগন
ৰঙৰ সমাহাৰে
আকৌ হ’ব মোৰ মন মগন
আকৌ ফুলিব সেই বকুল
পদূলি মুখৰে
আকৌ জাগিব মোৰ সপোন
এৰি এমুঠি ঘোৰ তমসা
বিচাৰোঁ জ্যোতিৰ ঠিকনা
এৰি বিষাদ ভৰা ৰচনা
বিচাৰোঁ নতুন প্ৰেৰণা
Music Video Of Jyotir Thikona Lyrics
[crp]

