Ujai Ja Noi Lyrics In Assamese, sung by Papon. Most Popular Assamese Film Song. Featuring Utpal Das & Prostuti porashor.
Audio Credits
Song- Ujai ja noi
Singer- Papon (Angaraag Mahanta)
Movie- Ramdhenu
Ujai Ja Noi Lyrics in Assamese
উজায়ে যা নৈ,
বেলিটিক ক’গৈ,
নীলিমা মোৰ দুখৰ;
ভটিয়ায়ে গৈ,
মোহাৰি নে ঐ,
তুলিকা মোৰ দুখৰ;
কি ৰঙীন পোচাকে হাঁহে,
আৱৰি উকা মন,
কি মালিন হৃদয়ে চুমি চায়,
চকুলো হয় নিগৰা ৰং…..
ৰ’দলে বাট চায়,
থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই,
লুকালে মোৰ ৰামধেনু…..
গহনাৰ মিছা ৰং,
ইপাৰতে ৰ’…..
বিকশা প্ৰাণৰ ৰং,
মাঁথো সিটো পাৰ হ’…..
উন্মদনাৰ কি ৰং সানে,
সময়ে ৰৈ সূতিৰ গড়াত;
উল্লাসে পাহৰা এই ৰঙা ৰঙে যে,
তেজ সিঁচি যায়…..
ৰ’দলে বাট চায়,
থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই,
লুকালে মোৰ ৰামধেনু…..
ভাওনাৰ বচন কি?
দিঠকৰ চলন কি?
চাৰিবেৰ উৱঁলি,
নিকাকৈ পদূলি;
অট্টালিকাই জানো চুমিব পাৰে,
হাবিয়াস মনত,
ৰামধেনুৰ সাতো ৰঙতে,
দিবনে পাঁৰো মোকোলাই…..
ৰ’দলে বাট চায়,
থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই,
লুকালে মোৰ ৰামধেনু…..
সময়ে কৈ যায়,
ধুমুহা বৈ যায়,
বিৰিঙে হাঁহি মুখৰ,
ৰ’দে পুনৰাই উভটি লগ পায়,
মুকুতা বৰষুণত;
বিবেকে ৰোধিব যেহি
পৰশুৰামৰে বাট,
জানিবা সাতো ৰং আছে ৰৈ,
সেহি বাটে ৰামৰে লৈ নাম…..
জীৱনে ৰং চায়,
ৰঙে গঢ়ে ৰামধেনু;
সপোনে প্ৰাণ পায়,
আঁকে পুনৰ ৰামধেনু…..
[crp]
Music Video Of Ujai Ja Noi Song

