তুমি বিয়াৰ নিশাৰ Tumi Biyar Nixar Lyrics – Bhupen Hazarika

Tumi Biyar Nixar Lyrics by usha mangeshkar and Lyrics, Melody and Music by Bhupen Hazarika.This is a old assamese song.

tumi biyar nixar lyrics

Audio Credit

Tumi Biyar Nixar Lyrics

তুমি বিয়াৰ নিশাৰ শয়ন-পাটীত
এপাহি ৰজনীগন্ধা…!
তোমাৰ মূল্য এনিশাৰ ।
তুমি বিয়াৰ নিশাৰ শয়ন-পাটীত
এপাহি ৰজনীগন্ধা…!
তোমাৰ মূল্য এনিশাৰ ।
পিছৰ দিনা সূৰুয উঠাৰ
পিছৰ দিনা সূৰুয উঠাৰ
পিছৰ বাহী শয্যাত
তুমি মূল্যবিহীন ভাৰ ।।
তুমি বিয়াৰ নিশাৰ শয়ন-পাটীত
এপাহি ৰজনীগন্ধা…!
তোমাৰ মূল্য এনিশাৰ ।

তুমি ফুলিছিলাঁ আশাৰে বহুত
আঁচনিকে লৈ…!
গন্ধবিহীন কোঠাতে তুমি
সুৰভি বিলাবলৈ..!!
মালীয়ে তোমাক ছিঙাৰ পিচত
কিয় কৰাঁ হাঁহাকাৰ ।।
তুমি বিয়াৰ নিশাৰ শয়ন-পাটীত
এপাহি ৰজনীগন্ধা…!
তোমাৰ মূল্য এনিশাৰ ।।

ফুলশয্যা পাট-গাভৰুৱে
তোমাৰেই সজালে..!
কইনা-দৰাই কত আলফুলে
তোমাকেই পৰশিলে…!!
পিচে পুৱাতে তোমাক সাৰি-পুচি দেখোঁ
নিবিচাৰে এটিবাৰ ।
তুমি বিয়াৰ নিশাৰ শয়ন-পাটীত
এপাহি ৰজনীগন্ধা…!
তোমাৰ মূল্য এনিশাৰ ।।

Tumi Biyar Nixa Music Video

Uploaded by Assamese Old Songs অসমীয়া পুৰণি গীত

 

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!