Swargodew Sukafa Lyrics By Zubeen Garg. Old Assamese Golden Collection. Best Of Zubeen Garg.
Song Credits
- Song : Swargodew Sukafa
- Album : Golden Collection Of Zubeen Vol – IV S
- Singer : Zubeen Garg,
- Music : Zubeen Garg
- Label : N.K. Production
- Label: RDC Assamese Official
Swargodew Sukafa Lyrics in Assamese
বাৰশ আঠাইশ চনত আহিছিলে ঐ
অসমৰে বৰভেটি বান্ধিছিলে ঐ
খামতি বৰাহী মৰাণ কছাৰীকে লৈ
সাতো ৰাজ এক কৰিছিলে মৰমেৰে ঐ
স্বৰ্গদেউ চুকাফাই আঁকিছিলে ঐ
বৰ অসমৰে ছবি যতনৰে ঐ
টুকুৰা টুকুৰ আজি সেই ছবি ঐ
বৰ অসমখনি ৰ’ল সাতে ভনী হৈ
বাৰশ আঠাইশ চনত আহিছিলে ঐ
অসমৰে বৰভেটি বান্ধিছিলে ঐ
বৰগীত ভটিমা পাতনি মেলিছিলে
শংকৰে মাধৱে জাতিটো গঢ়িবলে
কীৰ্ত্তন দশম নামঘোষা অংকীয়া ভাওনা
জাতিটোক ভাষাটোক জিনিবলে জগতকে
আজিচোন সকলো আঁতৰিহে গ’ল
মই কোঁচ কাৰ্বি মই বড়ো হ’ল
কিনো ভূল ক’তে ৰ’ল ভাবিবলে হ’ল
অসমীয়া হ’বলে কোনোৱেই নৰ’ল
স্বৰ্গদেউ চুকাফাৰে সপোন ভাঙি গ’ল …
বৰ অসমখনি আজি সাতভনী হ’ল
বিষ্ণু জ্যোতিয়েও ক’লে
লুইতৰ পানীয়ে
ৰাখিব আমাক
এক কৰি যুগে যুগে
পাহাৰ আৰু ভৈয়ামে
ভূপেন মামাই গীত জোৰে
জাতিটোক একতাৰ দোলেৰে বান্ধিবলে
আজিচোন সকলো আঁতৰিহে গ’ল
দিচাংৰ ডেকাটি মিচিং হৈয়ে ৰ’ল
জাতি এটা বোলোতেই
বহু জাতি হ’ল ভাষা এটা বোলোতেই
অসম ভাগি গ’ল
কঁকালতে টঙালি খন বান্ধিবৰে হ’ল
আকৌ এবাৰ অসমীয়া জাগিবৰে হ’ল ।
[crp]
Music Video Of Swargodew Sukafa Song

