শ্বহীদ প্ৰণামো Swahid Pronamo Tumak Lyrics – Bhupen Hazarika

Swahid Pronamo Tumak Lyrics, sung by Bhupen Hazarika. Old Assamese Golden Collection. Best Of Bhupen Hazarika.

Swahid Pronamo Tumak Lyrics

Song Details Of Swahid Pronamo Tumak 

  • Song: Swahid Pronamo Tumak
  • Singer: Bhupen Hazarika
  • Year: 1984

Swahid Pronamo Tumak Lyrics

শ্বহীদ প্ৰণামো তোমাক
শ্বহীদ প্ৰণামো তোমাক
লুইতৰ পাৰৰে তুমি ডেকা লʼৰা
তুমিয়েতো বুকু পাতি দিলাঁ
ভাৰতীৰ নুমলী জীক বচাবলেʼ
তুমিয়েতো মৃত্যু বৰিলাঁ।
শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক।

বিংশ শতিকাৰ
অষ্টম দশকৰ
নতুন পুৰুষ অগণন
জাতিৰ স্বকীয়তা ৰাখিবলেʼ
অহিংসাৰে কৰা ৰণ
তুমিয়েতো দানৱীয় শক্তিক কিছু
যুক্তিৰ মৰ্ম শিকালাঁ
ভাৰতীৰ নুমলী জীক বচাবলেʼ
তুমিয়েতো মৃত্যু বৰিলাঁ। শ্বহীদ প্ৰণামো তোমাক …

তুমি শ্বহীদ হʼলা
তুমি সূৰ্য হʼলাঁ
যি অসমলেʼ প্ৰভাত আনিব
তুমি শ্বহীদ হʼলা
তুমি ধুমুহা হʼলা
যি বৰদৈচিলা হৈ ৰʼব
তুমি অনাগত সংগ্ৰামী সৈন্যৰ
আঁচনিৰ অস্ত্ৰ হʼলা।
ভাৰতীৰ নুমলী জীক বচাবলেʼ
তুমিয়েতো মৃত্যু বৰিলাঁ।
শ্বহীদ প্ৰণামো তোমাক …

তুমি প্ৰতি মাতৃৰ
প্ৰতি ভাগিনীৰ
প্ৰতি পিতৃৰে গৌৰৱ
তুমি ন্যায়ৰ গাণ্ডীৱধাৰী অৰ্জুন
পলাতক যত কৌৰৱ।
লুইতৰ বহমান পানীক তেজেৰে
অধিক বলীয়ান কৰিলাঁ
ভাৰতীৰ নুমলী জীক বচাবলেʼ
তুমিয়েতো মৃত্যু বৰিলাঁ।
শ্বহীদ প্ৰণামো তোমাক …

সৌভাগ্য আমাৰ
আমাৰ জীৱনত
তুমিয়ে জনম লভিলাঁ
দুৰ্ভাগ্য আমাৰ
আমাক জীয়াবলেʼ
অকালতে মৃত্যু বৰিলাঁ।
বিশ্বগতিৰ চক্ৰত লৱৰিও
মাতৃক আগুৰিলাঁ
ভাৰতীৰ নুমলী জীক বচাবলেʼ
তুমিয়েতো মৃত্যু বৰিলাঁ।
শ্বহীদ প্ৰণামো তোমাক..

শ্বহীদৰ ত্যাগ
আৰু ৰঙা ৰক্তক
যেয়ে দিব খোজে অপবাদ
আগ্নেয় মন্ত্ৰ উচ্চাৰি তাৰ
দেশে দিব নিতে প্ৰতিবাদ
কʼব: কুসুম কোমল চিত্তলোকত
মানৱ তন্ত্ৰ থাপিলাঁ
ভাৰতীৰ নুমলী জীক বচাবলেʼ
তুমিয়েতো মৃত্যু বৰিলাঁ।
শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক।।

Related Bhupen Hazarika Song

O bideshi Bondhu

Moi Aru Mur Saa

Moi Jetia Ai Jibonor

Akashi Ganga Bisora Nai

Aai Tuk Kihere Pujime

Axom Amar Rupohi

Ami Asomiya Nohou Dukhiya

Lyrical Video Of Swahid Pronamo Tumak Song

 

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!