Niribili Lyrics – Nikhil

Niribili Lyrics by Nikhil is a newly released Assamese song music also given by KLANZ. The latest song Niribili lyrics are written by Buddha Jyoti Bezbaruah.

Niribili Lyrics

Niribili Song Details:

Song: Niribili
Singer(s): Nikhil
Musician(s): KLANZ
Written by: Buddha Jyoti Bezbaruah
Label(©): KLANZ

Niribili Lyrics

শুকুলা ডাৱৰে মাতে হাতেবাউলী কাষলে
মুকলি মন আকাশত হেঁপাহে উৰা মাৰে

এজাক সপোনৰে পোহৰ নামি আহে
খোজে খোজে দিয়ে নতুনৰে ৰং
নিৰিবিলি মনে নীৰলে গোপনে আঁকে
হৃদয়তে প্ৰীতিভৰা ক্ষণ

যাযাবৰী বাটে বাটে ৰ’দে আঁকে পোহৰৰে গান
পোহৰৰ গানে গানে জুৰণীয়া জীৱনৰে প্ৰাণ
ৰৈ যোৱা সময়ৰে মিঠা মিঠা সুৰৰে নিজান
সোণোৱালী স্মৃতিৰঙী বাটেৰে যাঁও বিচাৰি তোমাক

এগচি হিয়াৰে চাকি তুমি মোৰে
পোহৰাই তুলাহি তুমি নীৰৱে
মোৰ পৃথিৱীৰে সুৰ গান মোৰ জীৱনৰ জীয়া প্ৰাণ
সময়ে সজোৱা জীয়া এটি গান

মোৰ বুকুতে সোণ ৰ’বা মৰমৰ জোন হ’বা
হ’বা তুমি পোহৰৰে গান
মোৰ মনৰে বেথাবোৰ সামৰি তুমি ল’বা
হ’বা তুমি জীৱনৰে প্ৰাণ

যাযাবৰী বাটে বাটে ৰ’দে আঁকে পোহৰৰে গান
পোহৰৰ গানে গানে জুৰণীয়া জীৱনৰে প্ৰাণ
ৰৈ যোৱা সময়ৰে মিঠা মিঠা সুৰৰে নিজান
সোণোৱালী স্মৃতিৰঙী বাটেৰে যাঁও বিচাৰি তোমাক

Niribili Song Video

Hope You Liked the Post, If You Found Any Mistake in Lyrics kindly Submit Us With the Correct Lyrics! Thanks for visiting us!