Loi Juwa Lyrics by Karan Das is the latest Assamese song. Loi Juwa song lyrics were written by Tutu Garg while the music is given by Karan Das.
Loi Juwa Song Details:
| Song | Loi Juwa |
| Singer | Karan Das |
| Music | Karan Das |
| Lyricist | Tutu Garg |
Loi Juwa Lyrics
শেৱালি ফুলা সন্ধিয়াৰ কথা
সুৰীয়া মনৰ সুবাসী গাথাঁ,
জোনাক ভৰা প্ৰীতিৰে নিশা,
অযুত ভাবৰ নিলীম আশা।
তুমি মোৰ বাবে এখনি নদীৰ দৰে,
বৈ যোৱা বুকুৰে লৈ মোক হৃদয়তে।
লৈ যোৱা মোক তোমাৰ কাষলে,
এতিয়া বিলীন হ’ম তোমাতেই।
থৈ দিয়া মোক বুকুৰ ভাঁজতে,
এতিয়া উশাহ মোৰ তুমিয়েই।
হেঁপাহো উমলা প্ৰণয়ৰে আশা,
এপাচি ভাবৰে ভাবনা হোৱানা।
আবেগে সজোৱা মনৰে উপমা,
এধানি ৰাগৰে ৰাগিণী হোৱা।
তুমি মোৰ বাবে এখনি নদীৰ দৰে,
বৈ যোৱা বুকুৰে লৈ মোক হৃদয়তে।
তুমি মোৰ বাবে এপাহি ৰ’দৰ দৰে,
জিলিকা সপোনৰ সাথঁৰো তুমি।
আজৰি দিয়া তোমাৰে ভালপোৱা,
হৃদয়ত সজল তোমাৰ বাসনা।
লৈ যোৱা মোক তোমাৰ কাষলে,
এতিয়া বিলীন হ’ম তোমাতেই।
থৈ দিয়া মোক বুকুৰ ভাঁজতে,
এতিয়া উশাহ মোৰ তুমিয়েই।
লৈ যোৱা…….

