Junaki Karengot Lyrics (জোনাকী কাৰেঙত) by Jyoti Prasad Agarwala.Super Hit Jyoti Sangeet. Old Assamese golden Collection.
Junaki Karengot Song Details:
- Song Name: Junaki Karengot
- Singer: Jyoti Prasad Agarwala
- Album: Jyoti Sangeet
Junaki Karengot Lyrics In Assamese
অ’ জোনাকী কাৰেঙত কোনে বীণ বায় ?
জোনাকী কাৰেঙত কোনে বীণ বায় ?
পোহৰে পোহৰে হাঁহি বিলায় ।
অ’ জোনাকী কাৰেঙত কোনে বীণ বায় ?
আমাৰে নিমাতীৰ কোনে মাত ফুটাব
আমাৰে নিমাতীৰ কোনে মাত ফুটাব
ওঁঠতে হাঁহিটি দিব ফুলাই
অ’ জোনাকী কাৰেঙত কোনে বীণ বায় ?
আমাৰ নিমাতীজনী
নীল সাগৰৰ হীৰা মণি
আমাৰ নিমাতীজনী
নীল সাগৰৰ হীৰা মণি
অৰুণৰ হাঁহিৰে মুখনি বোলোৱা
আলাসৰ প্ৰতিমাখনি
হাঁহো হাঁহো কৈ
চকু দুপাহিয়ে
হঁহা নাই অতদিনে
মাতো মাতো কৈ
ওঁঠ দুখনিয়ে
ওঁঠ দুখনিয়ে
অমাতৰে মন জিনে ।
ধিয়ানে গিয়ানে সচিতে সপোনে
ধিয়ানে গিয়ানে সচিতে সপোনে
কাকনো বিচাৰে কাকনো চায়
বীণ খনি বায় ?
অ’ বীণ খনি বায় ?
কোনেনো দিবহি হাঁহি ফুলাই
হাঁহি ফুলাই
অ’ জোনাকী কাৰেঙত কোনে বীণ বায় ?
অ’ জোনাকী কাৰেঙত কোনে বীণ বায় ?