Guru Jonai Koi Goise Lyrics, sung by Zubeen Garg. Assamese Bhakti Song. Diha naam Or Hari naam.
Song Details
- Song- Guru Jonai Koi Goise
- Singer -Zubeen Garg
- Album – Shirumoni
Guru Jonai Koi Goise Lyrics
গুৰু জনাই কৈ গৈছে কলিত হৰি নাম
শাস্ত্ৰতো লিখা আছে নামেসে কল্যাণ ।
কুকুৰ শৃংগালৰোৱাত মাতো আছে ৰাম
ৰাম-নামৰ মালা গাঠি কৰা নিজৰ কাম
গোপাল-গোবিন্দ লোৱা হৰিৰ নাম
কিযে সুমধুৰ এই হৰিৰ নাম ।
নিৰাকাৰী প্ৰভূ আছে সবাৰো আত্মাতে
লোকতাৰন হেতু গুৰুজনাই কলে
য’ত জীৱ ত’ত শিৱ ইটো চৰাচৰ
চৰণে পৰিয়া সবাক কৰিবা প্ৰণাম
গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম ।
হৰিভক্তি একজাতি নাই ভেদাভেদ
উচ্চজাতি নীচ্চজাতি নাহিকে প্ৰভেদ
ধনয়ন্ত বিদ্যায়ন্তৰ নাই আগভাগ
গুৰুধৰ্মত জানা বান্ধৈ সকলো সমান
ৰাখিব লাগিব গুৰুজনাৰ আৰমান।
শৰণ ভজন সদাচাৰ সকলো বিদ্যান
হেন জানি দিয়া বান্ধৈ সকলোতে ধ্যান
সুচৰি লোৱা জ্ঞান কাটি কৰি আন
গুৰুবাণী বুজি পাবা লৈয়া আত্মাৰ সমান
সবাতোকৈ উচ্চ জানা বৈকুন্ঠৰে নাম |
আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈল
অই একস্থানে হৈয়া হৰিনাম মাজে ৰৈল
এ জাহাৰ মুখতে থাকে হৰিহেন নাম
এ গংগা গয়া আকাশীপুষ্কৰতো নাই কাম |
লৈয়ো এ লৈয়ো এ
লৈয়ো হৰিনাম লৈয়ো এ ।
বৈকুন্ঠত নামৰে মেলা পাতিছে
আহা সবে মিলি যাওঁ একেলগে |
ভকতি মুকুতিৰ ভাণ্ড দিছে শংকৰ গুৰুৱে
পাৰ কৰা ভকতসবে একেলগে |
হেন জানি হৰিৰ চৰণে দিয়া চিত্ত
কৰা প্ৰাণ হৰিৰ নাম পৰম অমৃত |
অ’ মোৰ গুৰু অ’ ……….
হৰি নাম লোৱা সবে একেলগে
……………….বান্ধৈ অই |
[crp]
Music video of Guru Jonai Koi Goise Song

