Bhobatu Nasilu Mur Ene Hobo Lyrics, sung by Zubeen Garg & Anindita Paul. Romantic Assamese Song.
Song Details
- Song: Bhobatu Nasilu Mur Ene Hobo Lyrics (ভবাতো নাছিলো মোৰ এনে হব)
- Singer: Zubeen Garg & Anindita Paul
Bhobatu Nasilu Mur Ene Hobo Lyrics In Assamese
ভবাতো নাছিলো মোৰ এনে হব
কাৰোবাৰ মৰমে মোৰ হৃদয় চুব
মৰমৰ নদীখন বোৱাই নিব
সপোনে জীবনক জগাই কব
মোৰ হেনো প্ৰেম হ’ল
অজানিতে মনে মনে
অজানিতে মনে মনে
ফাগুনৰ ৰঙে ৰঙালে
উঁকা উঁকা হৃদয় তুলি মোৰ
সেমেকা এচাতি বতাহত
ভাগৰুৱা দেহা পৰি যায়
মিঠা মিঠা লগা এই মধুৰ লগনতে
সুৱদি এটি সুৰ হৈ
কলেহি কাণে কাণে
মোৰ হেনো প্ৰেম হ’ল
অজানিতে মনে মনে
অজানিতে মনে মনে
আকাশৰ সৌ কাচি জোনে
এন্ধাৰ জীবন পোহৰালে মোৰ
কৰবাত এটি পখীৰ মাতে
ভাঙি দিলে নিৰবতাবোৰ
আজি হৃদয় বননিত
এটি ফুলেনে পাহি
জোনাকীৰে অৱনী
জোনটিয়ে কলে হাঁহি
মোৰ হেনো প্ৰেম হল
অজানিতে মনে মনে
অজানিতে মনে মনে
ভবাতো নাছিলো মোৰ এনে হব
কাৰোবাৰ মৰমে মোৰ হৃদয় চুব
মৰমৰ নদীখন বোৱাই নিব
সপোনে জীবনক জগাই কব
মোৰ হেনো প্ৰেম হ’ল
অজানিতে মনে মনে
অজানিতে মনে মনে
Music Video Bhobatu Nasilu Song