Alakananda Lyrics Full | Shankuraj Konwar & Tonmoy Krypton | 2020 |

Alakananda Lyrics Full And Song Download By Shankuraj Konwar & Tonmoy Krypton. Published On 5th October 2020. Latest Assamese Song.

Song Credits 

  • Vocals & Composition by Shankuraj Konwar.
  • Music Composed & Produced by Tonmoy Krypton.
  • Lyrics by Maitrayee Patar.
  • Additional lyrics by Shankuraj Konwar.
  • Mixed & Mastered at SS Sound Studio, Sibsagar.
  • Recorded at Euphony Studio, Mumbai by Partha Protim Das.
  • Visuals & Animation by Rituporn Gogoi.
  • Label: Project Baartalaap

Alakananda Lyrics Full

আগলি বতাহে সৰালে চুপহি
কাজলী জপা দুচকুৰ পতাত
ধেমালি চলেৰে ক’ৰেনো টিপচী
নিচুকনি গীত জুৰি যায়

শয়নত দুটি নয়ন মধুৰ
দুগালতে আঁউজিলেহি ৰ’দ
ভাগেনে চিকুনে সোণ টোপনি তোমাৰ
মায়াময় উশাহৰ উমে আনে
যাযাবৰী মোৰেনো হেঁপাহক
বুটলি সামৰি তোমাৰেনো কাষৰলে

ওভতাই আনিলা জীয়াই তুলিলা
মোক জীয়াই তুলিলা
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে
বাসনা ঢালিলা
মোৰ তেজে তেজে সীৰে সীৰে
বোৱালা প্ৰেমৰ অলকানন্দা

কুৱলী ফাঁকেৰে স্মৃতিৰ এখিলা পাত
পৰেনে মনতে তোমাৰ
হেঁচুকি দুহাতেৰে লিখিছিলা তাত
ঠিকনা সুৰ কবিতাৰ

উন্মুক্ত নদীৰ সোঁতে ছন্দে
নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে
দেখি মন ময়ুৰীয়েও পাখি মেলি যায়
এটি চাৱনিতে ৰাতি হ’ল চঞ্চল
বন্ধ কোঠালিত যেন এটি দাৱানল
উমি উমি জ্বলিছে পুৰণি ইতিহাস

ওভতাই আনিলা জীয়াই তুলিলা
মোক জীয়াই তুলিলা
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে
বাসনা ঢালিলা
মোৰ তেজে তেজে সীৰে সীৰে
বোৱালা প্ৰেমৰ অলকানন্দা

Lyrical Video Of Alakananda Song

Leave a Reply

error: Content is protected !!