Morom Xasisu Tumare Namote Moi Lyrics, sung by Montu Moni Saikia. Lyrics penned by Ritumoni & Montu Moni. Music by Dhruv Thakuria.
Song Details
- Singer – Montu Moni Saikia
- Music – Dhruv Thakuria
- Composition – Ritumoni Bordoloi
- Lyrics – Montu Moni & Ritumoni
- Additional Lyrics – Rahul Gautam Sharma
- Mixed-Mastered – Diganta Bordoloi
Morom Xasisu Tumare Namote Moi Lyrics
শৰতৰ শেৱালিৰ সুবাসে
উৰুৱাই মোক দূৰনিলে,
নিলিমাৰ মাজতো
তুমি মোৰ।
আৱেগত বুকু মোৰ উথলে
নিজনত তোমাক দেখিলে,
সপোন দিঠক হৈ
নামি আহে।
চিনাকি যদিও
নালাগে কব মোক,
তোমাৰে মনৰে কথা।
সঁচা ভালপোৱাৰ
প্ৰতিটো ভাষা,
নকলেও যায় বুজা।
এন্ধাৰে পোহৰে
তুমি তুমি ছায়া,
চৌপাশে আৱৰি থকা।
মোৰ হেৰুৱা সপোনৰ
তুমিয়েই ঠিকনা,
তুমিয়েই শেষ উশাহ…
Music
মৰম সাঁচিছো
তোমাৰে নামতে মই,
সপোন দেখিছোঁ
তুমিও নজনাকৈ (২)
বিষাদো আঁতৰে
তোমাৰে হাঁহিতে,
সময়ো থমকে
তোমাৰে খোজতে।
বৰষাৰে চেঁচা টোপাল তুমি,
ফাগুনৰে পছোৱা তুমি,
আঘোণৰে ভৰা ধাননি তুমি,
বহাগৰ সেউজী তুমি।
বৈ যোৱা প্ৰেমৰে এখনি নৈ হৈ…
চিনাকি যদিও
নালাগে কব মোক,
তোমাৰে মনৰে কথা।
সঁচা ভালপোৱাৰ
প্ৰতিটো ভাষা,
নকলেও যায় বুজা।
এন্ধাৰে পোহৰে
তুমি তুমি ছায়া,
চৌপাশে আৱৰি থকা।
মোৰ হেৰুৱা সপোনৰ
তুমিয়েই ঠিকনা,
তুমিয়েই শেষ উশাহ…

