Moinakon Lyrics by Babon Bornil is a newly released Assamese Bihu song music also given by Chandan Das& Babon Bornil. The latest song Moinakon lyrics are written by Mrinmoy Mrittik.
Moinakon Song Details:
Song: | Moinakon |
Singer(s): | Babon Bornil |
Musician(s): | Chandan Das& Babon Bornil |
Written by: | Mrinmoy Mrittik |
Label(©): | Babon Bornil official |
Moinakon Lyrics
মোৰে পগলা হিয়াৰ নঙলা খুলি থ’ম ঐ
মোৰে অজলা ভাৱনাত তোকে সামৰি ল’ম ঐ
মইনাকণ ঐ ও মোৰে মইনাকণ
লবিহি চহাই প্ৰেমৰে পথাৰখন
বাঢ়িব মৰমবোৰ ফুলিব উলাহবোৰ
পখিলা উৰিব গালতে পৰিব কিনো বতৰা লৈ
আমি দুটি এটি হ’বলৈ
আমি দুটি এটি হ’বলৈ
সপোনৰ বাগিছাত জাননে তোৰে সতে জাননে তোৰে সতে
উমলোঁ ঐ জামলু মই
উমলোঁ ঐ জামলু মই
তোৰে নো ঐ দুচকুৰ দাপোনতে সঁচাকৈ
দাপোনতে সঁচাকৈ
মৰমৰ ঘূণাসুঁতি বৈ
মৰমৰ ঘূণাসুঁতি বৈ
এ দেহী মইনাকণ কিদৰে বান্ধো মন
এ দেহী মইনাকণ কিদৰে বান্ধো মন
বাঢ়িব মৰমবোৰ ফুলিব উলাহবোৰ
পখিলা উৰিব গালতে পৰিব কিনো বতৰা লৈ
আমি দুটি এটি হ’বলৈ
আমি দুটি এটি হ’বলৈ
অ মইনা অ…
তোৰ কথাকেই ভাবি ভাবি
সপোন দেখো আজিকালি
কি যে ৰোমান্তিক
অ মইনা কি যে ৰোমান্তিক
তয়ো আহ’ কাষলে মোৰ
তোৰ চকুতে মোৰ চকুযোৰ
থৈ বুকু ঢিপ ঢিপ
অ মইনা থৈ বুকু ঢিপ ঢিপ
এ দেহী মইনাকণ কিদৰে বান্ধো মন
এ দেহী মইনাকণ কিদৰে বান্ধো মন
বাঢ়িব মৰমবোৰ ফুলিব উলাহবোৰ
পখিলা উৰিব গালতে পৰিব কিনো বতৰা লৈ
আমি দুটি এটি হ’বলৈ
আমি দুটি এটি হ’বলৈ