Gose gose pati dile lyrics by Jyoti Prasad Agarwala. Jyoti Sangeet ..
Gose gose pati dile lyrics in Assamese
গছে গছে পাতি দিলে
ফুলৰে শৰাই,
ৰাম ৰাম ফুলৰে শৰাই
ফুলৰে শৰাই….
ফুলৰে শৰাই….
গছে গছে পাতি দিলে
ফুলৰে শৰাই,
ৰাম ৰাম ফুলৰে শৰাই
ফুলৰে শৰাই….
ফুলৰে শৰাই….
কলীয়া ভোমোৰা
গুঞ্জৰী আহে,
কলীয়া ভোমোৰা
গুঞ্জৰী আহে,
গুন্ধকে ধিয়ায়
ৰাম ৰাম গুন্ধকে ধিয়ায়,
গুন্ধকে ধিয়ায়
গুন্ধকে ধিয়ায়,
কোনে গুলাপী সখীক
চেনেহ আহি দিলে
ৰূপতে ৰঙে চৰায়,
কোনে গুলাপী সখীক
চেনেহ আহি দিলে
ৰূপতে ৰঙে চৰায়,
উৰণীৰ তলতে পৰিমলৰেণু
উৰুৱাই পৱনে দিলে বিলায়,
উৰণীৰ তলতে পৰিমলৰেণু
উৰুৱাই পৱনে দিলে বিলায়,
গছে গছে পাতি দিলে
ফুলৰে শৰাই,
ৰাম ৰাম ফুলৰে শৰাই
ফুলৰে শৰাই….
ফুলৰে শৰাই….
ফুলৰে শৰাই….