আহ আহ ওলাই আহ Aah Aah Ulai Aah Lyrics – Bhupen Hazarika

Aah Aah Ulai Aah Lyrics in both english and assamese version of lyrics, sung by Bhupen Hazarika. Old Assamese Golden Collection.

Aah Aah Ulai Aah Lyrics

Audio Credits

  • Label: Saregama

Aah Aah Ulai Aah Lyrics In Assamese

আহ আহ ওলাই আহ
সজাগ জনতা,
আহ আহ ওলাই আহ
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
ৰাবন বধোতে
যায় যদি যায়
জীৱনটো যাক;

সমুখৰে সেনাপতি
থমকি জীৰালে,
কিনো হ’ব সেনানীয়ে
ভাবিলে গুনিলে,
ক’লা কাকতি ফৰিং
নাশোগৈ আহ,
আহ আহ ওলাই আহ
সজাগ জনতা,
আহ আহ ওলাই আহ
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
ৰাবন বধোতে
যায় যদি যায়
জীৱনটো যাক;

শুন বুভুক্ষু শিশুৰে আৰ্তনাদ,
সেয়ে তিল তিল মৃত্যুৰ
আনে সংবাদ,
শুন বুভুক্ষু শিশুৰে আৰ্তনাদ,
সেয়ে তিল তিল মৃত্যুৰ
আনে সংবাদ,
সেই সংবাদ শুনিও বধিৰ কিয়
তই নকৰিবি কিয়
তোৰ শেষ প্ৰতিবাদ,
সংগ্ৰাম আন এটি
নাম জীৱনৰে
ইতিহাসে চিঞঁৰে
জয় জনতাৰে,
ত্ৰাস এৰি দানৱকে
বধোগৈ আহ,
অ’ আহ আহ ওলাই আহ
সজাগ জনতা,
আহ আহ ওলাই আহ
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
ৰাবন বধোতে
যায় যদি যায়
জীৱনটো যাক…..

[crp]

Music Video Of Aah Aah Uli Aah Song