Xuworoni Lyrics by Bhargov Deka is the latest Assamese song. The song lyrics were written by Bhagov Deka while the music is given by Jay Sarma.
Xuworoni Lyric
- Song: Xuworoni
- Singer: Bhargov Deka
- Lyrics: Bhargov Deka
- Music: Jay Sarma
Xuworoni Lyrics in Assamese
অতীতৰ সোণোৱালী সপোনত
সোঁৱৰণীৰ লুকাভাকু
ৰিঙিয়াই মতা সোঁৱৰণীত বিষাদৰ ছাঁ
নিৰব নিশাৰ মাজৰাতিত আজিও বিলিন হওঁ
পাৰ্থক্য মাথোঁ তুমি বিহীন এই নিজম ৰাতি
পাহৰিব বিচাৰিও যেন আজিও পাহৰিব পৰা নাই।
মিছা প্ৰতিশ্ৰুতিৰ প্ৰতাৰিত মই আজি
আজিও মই পাহৰিব বিচাৰোঁ
কিন্তু স্মৃতিবোৰে পুণৰ সোঁৱৰাই
সেই তিক্ত সোঁৱৰণী বোৰ।।
সোঁৱৰণী সোঁৱৰণী আজি অতীতৰে সোণোৱালী সপোনবোৰ
ৰূপোৱালী ৰূপোৱালী ৰঙেৰে লিখা সাঁচিপাতৰ কথাবোৰ
পুঁৱতি নিশাৰে পুঁৱতি সপোনে
দেখা দিলে তোমাকে
অতীতৰে স্মৃতি মধুৰ বোৱাই দিলে বুকুতে
কুঁৱলীৰে বাট হাততে হাত
এধানি মৰম পলকত অভিমান
কল্পনাৰে হাজাৰ পাত
আজি মাথোঁ সোঁৱৰণীৰ মাত।
সোঁৱৰণী সোঁৱৰণী আজি অতীতৰে সোণোৱালী সপোনবোৰ
ৰূপোৱালী ৰূপোৱালী ৰঙেৰে লিখা সাঁচিপাতৰ কথাবোৰ
কুঁৱলীৰে বাট হাততে হাত
এধানি মৰম পলকত অভিমান
কল্পনাৰে হাজাৰ পাত
আজি মাথোঁ সোঁৱৰণীৰ মাত।।