Moi Aru Mur Saa Lyrics in Both Assamese, sung by Bhupen Hazarika. This song is from “Loti Ghoti” album.
Song Details
- Label: Saregama
Moi Aru Mur Saa Lyrics In Assamese
কোনে কয় মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া,
পৃথিৱী নক’বা মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ….
সংগীহীনতা মোৰেই সংগী
বুলি কিয় তুমি উপহাস কৰিছা,
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
মই আৰু মোৰ ছাঁ….
দূৰণিৰ বন্ধু সকলো মিছা
নিচেই কাষৰেই ছাঁহে সঁচা,
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া
মই আৰু মোৰ ছাঁ….
আশাৰ বালিচৰত যেতিয়া ঘৰ সাঁজো
মোৰেই ছাঁই বালি তুলি দিয়ে,
এন্ধাৰ বাটতে মোৰেই ছাঁই
মেলি দিয়ে নিতে জ্যোতিৰ দলিছা,
মই আৰু মোৰ ছাঁ
দুয়ো দুয়োৰে লগৰীয়া,
পৃথিৱী নক’বা মই অকলশৰীয়া
মই আৰু মোৰ ছাঁ….
Music Video Of Moi Aru Mur Saa Song