Jai A Kanu Lyrics, sung By Khagen Mahanta. Old Assamese Golden Collection.
Song Credits
- Song: Jai A kanu
- Singer: Khagen Mahanta
- Label: Saregama Regional
Jai A Kanu Lyrics
যায় অ’ কানু বায় বেণু….
যায় অ’ কানু বায় বেণু…
কোন দূৰণিৰ মথুৰালে যায় ?
যায় অ’ কানু বায় বেণু..
কোন দূৰণিৰ মথুৰালে যায় ?
সোণৰ ৰথে পথে পথে..আঁচ বহুৱাই.. !
শুদা মন বৃন্দাবন উঠে উচপ খাই ।
যায় অ’ কানু বায় বেণু
কোন দূৰণিৰ মথুৰালে যায় ?
উমি উমি জ্বলে হেঁপাহ জুমি জুমি চাওঁ
দূৰে দূৰে থাকা তুমি সুৰে সুৰে পাওঁ..
অ’ গাৰ লগৰ ছাঁয়েই মন
সপোনে হেৰায়…
গাৰ লগৰ ছাঁয়েই মন
সপোনে হেৰায়…!
যায় অ’ কানু বায় বেণু
কোন দূৰণিৰ মথুৰালে যায় ?
হিয়া জুৰি বাজে বাঁহীৰ জুৰণীয়া মাত
উখল মাখল মন জিৰায় কদমৰে ছাঁত !
অ’ গুপুত পালোঁ এয়া তুমি আছিলাঁ লুকাই !
গুপুত পালোঁ এয়া তুমি আছিলাঁ লুকাই.. !!
যায় অ’ কানু বায় বেণু
কোন দূৰণিৰ মথুৰালে যায় ?
যায় অ’ কানু বায় বেণু
কোন দূৰণিৰ মথুৰালে যায় ৷৷
[crp]
Music Video Of Jai E Kanu Song